The Perl Toolchain Summit needs more sponsors. If your company depends on Perl, please support this very important event.
অসমীয়া ৱিকিপিডিয়াৰ উদ্দেশ্য হ'ল সম্পূৰ্ণ অসমীয়া ভাষাত এখনি বিশ্বকোষ প্ৰণয়ন কৰা। অন্য কোনো ভাষাৰ প্ৰবন্ধ এই বিশ্বকোষৰ বাবে গ্ৰহন কৰা নহ'ব। বিশ্বকোষৰ অৱদানকাৰীসকললৈ সাদৰেৰে অনুৰোধ জনোৱা হ'ল যাতে তেখেতসকলে অসমীয়া ভাষাৰ প্ৰচলিত বানান পদ্ধতি মানি চলে। বিদেশী শব্দৰ অসমীয়া প্ৰতিৰূপৰ ক্ষেত্ৰত যিহেতু অসমীয়া সাহিত্যিকসকল এতিয়াও ঐক্যমতত উপনীত হ'ব পৰা নাই, ৱিকিপিডিয়াত বিদেশী শব্দৰ যিকোনো ধৰনৰ অসমীয়া ৰূপ গ্ৰাহ্য কৰা হ'ব।
গণবিশ্বকোষৰ সফলতাৰ নেপথ্যৰ আটাইতকৈ শক্তিশালী ধাৰণাটো হৈছে সহযোগিতামূলক সংকলন, যি মানৱ জাতিৰ সাফল্যৰ মূল চাবিকাঠি পাৰস্পৰিক সহযোগিতাক আৰু এখোপ ওপৰলৈ উঠাই নিছে| এই গণবিশ্বকোষবিলাকৰ বিভিন্ন নিবন্ধৰ লেখকসকল সম্পূৰ্ণ অপেচাদাৰী ইন্টাৰনেট ব্যৱহাৰকৰোঁতা। এই লেখকসকলে নিজৰ নিজৰ ৰাপ বা পাৰদৰ্শীতা থকা বিষয় সম্পৰ্কে বিভিন্ন নিবন্ধ লিখি আন পাঠকক উপকৃত কৰে আৰু নিজেও উপকৃত হয়।
অসমীয়া গণবিশ্বকোষ (যাৰ মুখ্য পৃষ্ঠাটো বৰ্তমান আপুনি পঢ়ি আছে) হৈছে এখন অসমীয়া বিশ্বকোষ প্ৰস্তুত কৰাৰ এক অভূতপূৰ্ব তথা অভিনৱ প্ৰয়াস, যাক যিকোনো পাঠকে পৃথিৱীৰ যিকোনো ঠাইৰ পৰা ইন্টাৰনেটৰ জৰিয়তে বিনামূল্যে ব্যৱহাৰ কৰিব পাৰিব। এই প্ৰকল্প আচলতে "ৱিকিপেডিয়া" নামৰ এক বৃহত্তৰ প্ৰকল্পৰ অংশ| পৃথিবীৰ বিভিন্ন ভাষাত সকলোৱে বিনামূল্যে ব্যৱহাৰ তথা সম্পাদনা কৰিব পৰা বিশ্বকোষ প্ৰস্তুত কৰাৰ উদ্দেশ্যেৰে ৱিকিপিডিয়া নামৰ ইন্টাৰনেট-পৃষ্ঠাত ২০০১ চনত আৰম্ভ কৰা মুখ্য প্ৰকল্পৰ অধীনত বৰ্ত্তমান প্ৰায় শতাধিক ভাষাৰ যোগদানেৰে সম্বৃদ্ধ হোৱা এইলানি গণবিশ্বকোষে আজি প্ৰায় পাঁচলাখতকৈও অধিক প্ৰবন্ধৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পাঠকক ইন্টাৰনেটৰ জৰিয়তে বিশ্বকোষ সেৱা আগবঢ়াইছে।